Show/Hide Keyboard Layout

মোৰ ৰাগ কৰবীৰে

- জ্যোতিপ্ৰসাদ আগৰৱালা

মোৰ ৰাগ কৰবীৰে পতা

ল’বি পূজা

চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ !

তোৰে সুৰেৰে মই

ৰচিলোঁ কতনো গান

বুজা-নুবুজা

ল’বি পূজা ।

 

মোৰ যত অভিনৱ গান

বিকশিত কমলৰ গন্ধ সমান

মনে মনে

সোণোৱালী সপোন বিভোৰ

সপোনৰো সপোনত

ছয়াময়া ৰূপ জ্বলে তোৰ

সুৰৰ শতেক ফুলে

চকুৰ লোতক জ্বলে

নবজোৱা সুৰৰ বাঁহীটি বজা ।।

Hits: 2058